Xorumai Pallabi Prayashi Bhattacharjyya Lyrics MP3 Download

Xorumai – Lyrics

Xorumai · 2024 · Assamese
Download this song
চ’তৰে আকাশত গুমগুমাই আহিলে বহাগৰ বাতৰি দিলে সৰুমাই ঢোলত চেও উঠিলে, শুনি সৰুমাই ততে নাই এতিয়া, ততে নাই এতিয়া গাত।। তোৰে ঐ পিৰীতিত বৰেকৈ দহিছে বুকুৰে ভিতৰি জান’ সৰুমাই যৌৱনৰ বাতৰি, পায়ে সৰুমাই ততে নাই এতিয়া, ততে নাই এতিয়া গাত।। এইবেলি লৈ আনো লৈ আনো লাগিছে বাপেৰক কওঁনি ক’? কোম্পানীৰ চাকৰি নকৰো নকৰো খেতিতে ধৰোনি ক’? বাপেৰাই নিদিলে পলোৱাই নিমে তোক কথাটি জানি থ’।। এ চেনাই চাকৰি নাপালে, চেনাই পিতায়ে নিদিয়ে, তোলৈ পিতায়ে নিদিয়ে, চেনাই পলোৱাই অ’ নিবিনে, পলোৱাই অ’ নিবিনে মোক? এ চেনাই খেতিতে ধৰিলে, চেনাই ভূঁইয়ে ৰুয়ে দিমে, চেনাই জলপানো আনি দিম, চেনাই মৰমেৰে খোৱাই দিম মৰমেৰে খোৱাই দিম তোক।। গছৰে আগলিত কুলিটিয়ে মাতিলে বসন্তৰ বতৰা দিলে সৰুমাই কেতেকীয়ে বিনালে, ৰাতি সৰুমাই যুৰীয়া পেপাটি যুৰীয়া পেপাটি ধৰোঁ।। তোৰে ঐ বেজাৰত টোপনি নধৰে ওৰেটো নিশা ঐ গাতে সৰুমাই ইকাতি ঐ সিকাতি কৰি সৰুমাই ঐ কুকুৰাৰ ডাকতে শোৱা পাটিখনি এৰো।। এইবেলি লৈ আনো লৈ আনো লাগিছে বাপেৰক কওঁনি ক’? কোম্পানীৰ চাকৰি নকৰো নকৰো খেতিতে ধৰোনি ক’? বাপেৰাই নিদিলে পলোৱাই নিমে তোক কথাটি জানি থ’।। এ চেনাই তোৰে কথা ভাবি, চেনাই তাঁতৰে শালতে চেনাই মনে মোৰ নবহে, চেনাই মাকোঁনো সৰি সৰি মাকোঁনো সৰি সৰি পৰে।। এ চেনাই সৰুকে ঘৰ এটি, চেনাই সজামে দুয়োয়ে চেনাই সজামে দুয়োয়ে, চেনাই চেনেহেনো ওপচি চেনেহেনো ওপচি পৰে।। চেনেহেনো ওপচি চেনেহেনো ওপচি পৰে।। চেনাই অহা কেতেবেলা, চেনাই যোৱা কেতেবেলা চেনাই অহা কেতেবেলা, চেনাই যোৱা কেতেবেলা চেনাই কেতেবেলা কেতেবেলা কেতেবেলা কেতে চেনাই অহা গমে পাই চেনাই অহা গমে পাই লাহৰিৰ গাত ততে নাই চেনাই অহা গমে পাই লাহৰিৰ গাত ততে নাই দেহতে ঐ তৰণি দেহতে ঐ তৰণি নাই, দেহতে ঐ তৰণি দেহতে ঐ তৰণি নাই, দেহতে ঐ তৰণি দেহতে ঐ তৰণি নাই।। অ’ তিনিটি আখৰে ঐ, ঐ পিৰীতিৰ জুইয়ে ঐ, অ’ বৰেকৈ মাৰিছে ঐ দহি অ’ বাৰীৰে কাষৰে অ’, ঐ জাৰণি কাটিলো ঐ, এ ঘৰেখনি সাজিমে বুলি।।
SongXorumai
ArtistPallabi Prayashi Bhattacharjyya
AlbumXorumai
LanguageAssamese
Year2024
Download Xorumai MP3
Popular Assamese Lyrics

Xorumai lyrics by Pallabi Prayashi Bhattacharjyya. From the album Xorumai. Read full lyrics and download the MP3 in HD quality on MP3Maza.

0:00
0:000:00
Up Next