Silimili Tuponi – Lyrics
চিলিমিলি টোপনি, কেচাঁতে ভাঙিলি
বগা কলাফুলে, কৰিছে আমনি
তই হলি আজলী, গাঁৱৰে ছোৱালী
চকুৰ পলকতে, মাৰেচোন বিজুলী……
||ঐ চকুত সানি কাজল,
কৰিছ তই পাগল……||২
ধীৰে ধীৰে মনে মনে মন ভূলালি……
চিলিমিলি টোপনি ঐ……
||ঐ নিয়ঁৰে তিতালে,
দুৱৰি কোমল কলিজাৰে
কোনে ৰং বুলালে,
গোলাপী মোৰে দুগালতে……||২
উৰে মন পখিলা হৈ,
তোমাকে চুই চাবলৈ..
পলাশে ৰঙালে মন,
জানা তোমাক পাবলৈ…
মোৰো যে নাহে ঘুমতি.....
অ' চিলিমিলি টোপনি ঐ…
ঐ তলসৰা শেৱালী, ফুৰিছ বুতলি
দুগাল সুমেথিৰা, উঠিছে জিলিকি
ৰ'দত তিৰেবিৰাই, খামুচীয়া ককালটি
ঘনে ঘনে বুকুত, ঐ মাৰিছে উজুটি…
||জাগে নে তোৰো আদৰ
নেলাগে ভাবি ভাগৰ…||২
টোপা টোপে মৰম বাঢ়ি হ'ল এসাগৰ…
চিলিমিলি টোপনি ঐ……
||অ' মন আজি হয় বাউলী,
তোমাৰে ঠিকনা বিচাৰি…
বিৰিণা কঁপাদি কঁপে মন,
উশাহো জানা চুটি চুটি…||২
আঁচলৰ আঁৰতে থম,
দুহাতে দি বুলনি...
সীমনা নিচিনি ল'ম,
চেনেহবোৰ গনি গনি…
হেঁপাহে ল'ব জিৰণি.……
চিলিমিলি টোপনি ঐ………
--- www.LRCgenerator.com ---
Lyrics powered by JioSaavn
| Song | Silimili Tuponi |
| Artist | Daijee Das |
| Album | Silimili Tuponi |
| Language | Assamese |
| Year | 2020 |
Popular Assamese Lyrics
Silimili Tuponi lyrics by Daijee Das. From the album Silimili Tuponi. Read full lyrics and download the MP3 in HD quality on MP3Maza.