Gumraag Jeemani Kalita Lyrics MP3 Download

Gumraag – Lyrics

Gumraag · 2024 · Assamese
Download this song
*গুমৰাগ* "গুমৰাগ" নাচি "আপং" খা নাচি নাচি খা... " লৃগাং তলি "কঁপাই যা কঁপাই কঁপাই যা... "এগেগাছৰ" পিন্ধি লৈ "ৰিবিগাছেং" বুকুত লৈ আহিবি তই লৃগাং তলিলৈ.. লৃগাং লৃগাং তলিলৈ আহিবি কনেং... ও কঁকাল কঁকাল ভাঙিৱ আহিবি কনেং... আবু-তানি আমিহে আপং ৰাগি আমিহে "ঐনিতম" শুনিম তাত ঐ বহি বহি কথা পাতিম জংকি-পানৈ হৈ "পাটমাদৈ" হৈ আহৈ সাজি কাছি আহ ছোন লৃগাং তলি লৈ... তই "মেঠেনি" গাত মেৰিয়াই আপং নিচাত নছুৱাই "মুৰুলী ফুকিম মুখত মই লৃগাং লৃগাং তলিলৈ আহিবি কনেং... হে কঁকাল কঁকাল ভাঙিৱ আহিবি কনেং.... আবু-তানি আমিহে আপং ৰাগি আমিহে "ললে"গীত গালে আজি তাত ঐ "লেনং" "লেনং" বাজিব কানত ঐ... "মাৰবাং" বাজিছেনে আহ ঐ শুনো শুনো লাগিছে বলা কনেং ঐ ঐ "নামচিং" অলপ হাতত লৈ "আপং" বাতি মুখত লৈ নাছিমে লগতে গুমৰাগ মই.... লৃগাং লৃগাং তলিলৈ আহিবি কনেং... হে কঁকাল কঁকাল ভাঙিৱ আহিবি কনেং.... PENNED BY MRINMAY KAUSHIK ➢ Meaning of a few word's ☄️☄️☄️☄️☄️☄️☄️☄️☄️☄️ ১/আপং - মদ, সুৰা । ২/ গুমৰাগ - মিচিং সম্প্ৰদায়ৰ নৃত্য। ৩/ এগে গাছৰ - মিচিং তিৰোতা সকলে গাত মেৰিয়াই লোৱা চাদৰ মেখেলাৰ দৰেই বস্ত্ৰ । ৪/মেথনি - মেখেলা চাদৰৰ ওপৰত ককালত লোৱা বস্ত্ৰ,Towel নিচিনা থাকে । ৫/ৰিবিগাচেং - মিচিং সকলে ব্যৱহাৰ কৰা এখন চাদৰৰ দৰেই বস্ত্ৰ । ৬/ ঐ নি-তম্ - মিচিং সম্প্ৰদায়ৰ লোক-সংগীত । ৭/পাটমাদৈ- মহাৰাণীৰ নিচিনা । ৮/"ললে"- গীত আৰু পদ ৯/লেনং - বাদ্য যন্ত্ৰ ১০/মাৰবাং - বাদ্য যন্ত্ৰ ১১/নামচিং- শুকান মাছৰ চাটনি ১২/মুৰুলী - বাঁহী ১৩/ আবু তানি- আবু মানে পিতৃ আৰু তানি মানে মানুহ। সেয়েহে মিচিংসকলে নিজকে আবুতানিৰ সন্তান বুলি গণ্য কৰে। অৰ্থাৎ আবুতানি মিচিংসকলৰ ভগৱান নিচিনা। 
SongGumraag
ArtistJeemani Kalita
AlbumGumraag
LanguageAssamese
Year2024
Download Gumraag MP3
Popular Assamese Lyrics

Gumraag lyrics by Jeemani Kalita. From the album Gumraag. Read full lyrics and download the MP3 in HD quality on MP3Maza.

0:00
0:000:00
Up Next